● ৰাজ্য চৰকাৰে বি টি আৰৰ জিলা কেইখনৰ আয়ুক্তসকলৰ ক্ষমতা সন্দৰ্ভত ২০২১ চনত জাৰি কৰা অধিসূচনা প্ৰত্যাহাৰ কৰিছে। এই অধিসূচনা অনুসৰি বি টি আৰৰ জিলাকেইখনৰ আয়ুক্তসকলৰ উন্নয়নমূলক কামকাজৰ ক্ষেত্ৰত ক্ষমতা আংশিকভাৱে বি টি চি প্ৰশাসনৰ নিয়ন্ত্ৰণত আছে। ২০২১ চনৰ ১৯ জানুৱাৰীৰ অধিসূচনা প্রত্যাহাৰ কৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে দিয়া শেহতীয়া নিৰ্দেশ অনুসৰি বি টি আৰৰ অধীনৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ আয়ুক্তসকলৰ উন্নয়নমূলক কামকাজত সম্পূর্ণ নিয়ন্ত্রণ থাকিব। বিভাগটোৱে জাৰি কৰা এই নতুন নিৰ্দেশ সকলো দিশ চালিজাৰি চাই জনস্বাৰ্থত লোৱা হৈছে বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পূৰ্বৰ নিৰ্দেশ অনুসৰি জিলাকেইখনৰ আয়ুক্তসকলক উন্নয়নমূলক কামকাজ ৰূপায়ণৰ ক্ষেত্ৰত বিটিচি প্ৰশাসনৰ আওতাত ৰখা হৈছিল। তদুপৰি বিটিচিৰ প্ৰধান সচিবে এই আয়ুক্তসকলৰ উন্নয়নমূলক কামকাজৰ বাৰ্ষিক প্ৰতিবেদন ৰাজ্যৰ কৰ্মচাৰী বিভাগক দাখিল কৰিবলগীয়া হৈছিল।
Assamese | October 14, 2025 11:14 AM | Akashvani | Akashvani News | BTR
বি টি আৰৰ জিলা কেইখনৰ আয়ুক্তসকলৰ ক্ষমতা সন্দৰ্ভত ২০২১ বৰ্ষত জাৰি কৰা অধিসূচনা প্ৰত্যাহাৰ