■ বি টি আৰৰ কিতাপ ক্রয়ৰ নামত কেইবা কোটি টকাৰ অনিয়ম হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত বি টি আৰ প্ৰশাসনে এখন ৬জনীয়া উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে। এই সমিতিত গুৱাহাটী উচ্চ ন্যায়ালয়ত বি টি আৰৰ স্থায়ী পৰামর্শদাতা শব্দৰাম ৰাভা অধ্যক্ষ হিচাপে থকাৰ লগতে বি টি আৰৰ সচিব ধীৰাজ সাউদ সদস্য সচিব হিচাপে থাকিব। এই সমিতি ২০ মে’ৰ পৰা কাৰ্যকৰী হৈছে আৰু ১৫ দিনৰ ভিতৰত সমিতিখনে প্রতিবেদন দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে বি টি আৰৰ শিক্ষা বিভাগত কিতাপ ক্ৰয়ৰ নামত প্রায় ৪ কোটি টকাৰ অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কঠোৰ পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল।
Assamese | May 22, 2025 12:03 PM | Akashvani Guwahati | Akashvani News | BTR
বি টি আৰৰ কিতাপ ক্রয়ৰ নামত উত্থাপিত অনিয়মৰ অভিযোগ সন্দৰ্ভত ৬জনীয়া উচ্চ পৰ্যায়ৰ সমিতি গঠন