বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আত্মহননৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১০ ছেপ্তেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়।
এই বছৰ আত্মহত্যা প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে – ‘আত্মহত্যাৰ ধাৰণাৰ পৰিৱৰ্তন’। নিজক হত্যা কৰিবলৈ ইচ্ছা কৰা, আত্মহননৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা অত্যধিক অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্রকাশ কৰা বা অহৰহ নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কাম-কাজৰ প্ৰতি তীব্ৰ অনিহা আদি আত্মহত্যা প্ৰৱণতাৰ লক্ষণ হ’ব পাৰে৷