● বিশ্বনাথত চলি থকা উচ্ছেদ অভিযানৰ কালি দ্বিতীয় দিনা মুঠ ১৭৫ বিঘা ভূমি দখলমুক্ত কৰা হয়। কালি পুৱা অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলি সেই স্থানত সাধাৰণ লোকক প্ৰৱেশ নিষিদ্ধ কৰে। ইয়াৰ পাছতে ১০ খন এছকেভেটৰৰ জৰিয়তে প্রশাসনে উচ্ছেদ আৰম্ভ কৰে। দ্বিতীয়দিনা বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমি দখলমুক্ত কৰা হৈছে বুলি প্ৰশাসনে প্ৰকাশ কৰিছে।
Assamese | August 19, 2025 12:07 PM | Akashvani News | Biswanath | biswanath eviction
বিশ্বনাথত উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা মুঠ ১৭৫ বিঘা ভূমি দখলমুক্ত