বিশিষ্ট ব্যৱসায়ী তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে। শ্ৰীমতী ভূঞাৰ গোল্ডেন থ্রেডছ অৱ আচাম নামৰ সংস্থাই ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব’ অনুষ্ঠিত কৰা বুলি বিধায়কগৰাকীয়ে কৰা অভিযোগ খণ্ডন কৰি তেওঁ কামৰূপ মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই গোচৰ ৰুজু কৰে। আদালতে অহা ৩০ অক্টোবৰত গোৰটোৰ শুনানি লোৱা হব বুলি প্ৰকাশ কৰিছে।
Assamese | October 8, 2025 8:28 PM | Akashvani | Akashvani Guwahati | Riniki Bhuyan Sharma
বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ ৰুজু