বাংলাদেশৰ ফেনী জিলাত দগণভূঞা উপ-জিলাত দেওবাৰে নিশা এজন ২৮ বছৰীয়া হিন্দু অটৰিক্সা চালক সমীৰ কুমাৰ দাসক নৃশংসভাৱে হত্যা কৰা হয় আৰু হত্যাকাণ্ডত জড়িত দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা তেওঁৰ বাহনখনৰ সৈতে পলায়ন কৰে। আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে দগণ ভূঞা উপ- জিলা স্বাস্থ্য চৌহদৰ সমীপত তেওঁক দেশীয় নির্মিত অস্ত্ৰ ব্যৱহাৰ কৰি তেওঁক চুৰিকাঘাট কৰা হয়। তেওঁৰ বেটাৰীচালিত অটৰিক্সাখনো দূর্বত্তই লৈ যায়। স্থানীয় ৰাইজে কালি পুৱতি নিশা ২ বজাত তেওঁৰ মৃতদেহ দক্ষিণ কৰিমপুৰ মুহুৰীবাৰীৰ সমীপত উদ্ধাৰ কৰে আৰু আৰক্ষীক খবৰ দিয়ে। দগণ ভূঞা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহম্মদ ফৈজুল আজিমে কয় যে বৰ্তমানলৈ তদন্ত অব্যাহত হৈ আছে আৰু ঘটনাত জড়িত লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলি আছে।
Assamese | January 13, 2026 6:23 PM | Akashvani | Akashvani News | Bangladesh
বাংলাদেশৰ ফেনী জিলাত হিন্দু অটৰিক্সা চালক সমীৰ কুমাৰ দাসক নৃশংসভাৱে হত্যা