বসু দা নামেৰে জনপ্ৰিয়, অভিনেতা ফেইলাও বসুমতাৰীৰ অন্ত্যেষ্টিক্রিয়া আজি বাক্সা জিলাৰ বাঘাজানীৰ নিজা বাসগৃহত সম্পূর্ণ বড়ো ৰীতি-নীতিৰে সম্পন্ন হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ তৰফৰ পৰা শিল্পীগৰাকীয়ে শ্বাস-প্রশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে বুলি জানিব পৰা হৈছে। আজি পুৱাৰ ভাগত শিল্পীগৰাকীৰ নশ্বৰদেহ বাক্সাৰ লাওখাটা বাঘাজানীৰ বাসগৃহলৈ লৈ যোৱা হৈছিল। মৃত্যুৰ সময়ত ফেইলাও বসুমতাৰীৰ বয়স ৫৫ বছৰ আছিল। শিল্পীগৰাকীয়ে দীৰ্ঘদিন ধৰি যকৃৎ ৰোগত আক্ৰান্ত হৈ আছিল। ফেইলাও বসুমতাৰীয়ে অভিনয়ৰ সমান্তৰালকৈ সংগীতো চৰ্চা কৰিছিল।
Assamese | April 23, 2025 6:40 PM | Akashvani Guwahati | Akashvani News | Basu Da
বসু দা নামেৰে জনপ্ৰিয়, অভিনেতা ফেইলাও বসুমতাৰীৰ অন্ত্যেষ্টিক্রিয়া বড়ো ৰীতি-নীতিৰে সম্পন্ন