বলিভিয়াত সংঘটিত বনজুই প্রশমিত কৰিবলৈ ভাৰতে দেশখনলৈ মানৱীয় সাহায্য প্ৰদান কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জয়ছৱালে কয় যে অগ্নিনির্বাপক বাহিনীৰ সামগ্ৰী, চিকিৎসা কীট, ঔষধ আৰু অন্যান্য উপযোগী সামগ্রী দেশখনলৈ পঠিওৱা হৈছে। এই সাহায্য সামগ্ৰীসমূহ বনজুইৰ ফলত দেশখনত সৃষ্টি হোৱা পৰিবেশসংকট আৰু স্বাস্থ্য সমস্যাৰো সমাধানত সহায়ক হ’ব।
Assamese | January 4, 2025 1:52 AM
বলিভিয়াত সংঘটিত বনজুই প্রশমিত কৰিবলৈ ভাৰতৰ মানৱীয় সাহায্য প্ৰদান