অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ লক্ষ্যৰে প্ৰতিষ্ঠিত কিৰণ তামূলী শিশু সাহিত্য ন্যাসে চলিত বৰ্ষৰ বাবে প্ৰদান কৰা কিৰণ তামূলী শিশু সাহিত্য পর্যালোচনা বঁটা ববিতা শর্মালৈ আগবঢ়োৱা হৈছে। শিশু সাহিত্যৰ সুবাস শীৰ্ষক গ্ৰন্থৰ বাবে লেখিকাগৰাকীয়ে এই বঁটা লাভ কৰিছে। ২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰকাশিত সৃষ্টিমূলক শিশু সাহিত্য, শিশু সাহিত্য পর্যালোচনা, শিশু সাহিত্য অলংকৰণ আৰু শিশু সাহিত্য প্রকাশন এই চাৰিটা শিতানত শিশু গ্রন্থ আহ্বান জনোৱা হৈছিল। অহা ২৩ অক্টোবৰত যোৰহাটত নেচনেল বুক ট্রাষ্ট অৱ ইণ্ডিয়াৰ মুখ্য সম্পাদক কুমাৰ বিক্ৰমে এই বঁটা প্ৰদান কৰিব।
Assamese | October 14, 2024 8:14 PM | Akashvani | Akashvani News | Award | Guwahati City
ববিতা শর্মালৈ কিৰণ তামূলী শিশু সাহিত্য ন্যাসে চলিত বৰ্ষৰ বাবে প্ৰদান কৰা কিৰণ তামূলী শিশু সাহিত্য পর্যালোচনা বঁটা