ফ্ৰান্সত পূৰ্বৰ মন্ত্ৰীসভাৰ পতনৰ পাছত কালি ৰাষ্ট্ৰপতি ইমানুৱেল মেৱঁই এখন নতুন চৰকাৰক দায়িত্ব দিয়ে। এই মন্ত্রীসভাত প্রধান প্রধান পদবীসমূহ একে ৰখা হৈছে। সেই অনুসৰি জাঁ-ন’ৱেল বেৰটক বিদেশ মন্ত্রী, ব্রুন ৰিটেইলিঅ’ক অভ্যন্তৰীণ মন্ত্ৰী আৰু ছেবাষ্টিয়ান লেকৰ্ণক প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব পুনৰ দিয়া হৈছে। প্ৰাক্তন প্রধানমন্ত্রী এলিজাবেথ ব্রনেক শিক্ষা মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। সেইদৰে প্ৰাক্তন অভ্যন্তৰীণ মন্ত্ৰী জেৰাল্ড ডামেনিক ন্যায় মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। নতুন চৰকাৰত বিত্তমন্ত্ৰী হ’ব এৰিক লম্বাৰ্ড আৰু বাজেট মন্ত্ৰী হ’ব এমিলি ডে মণ্টকেলিন। প্রধানমন্ত্রী ফ্ৰাংকইজ বেৰ’ৱে কালি মন্ত্রীসভাখন গঠন কৰে।
Assamese | December 24, 2024 4:03 PM | Presidency of Emmanuel Macron
ফ্ৰান্সত পূৰ্বৰ মন্ত্ৰীসভাৰ পতনৰ পাছত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ নতুন চৰকাৰক দায়িত্ব