ফাঁচীবজাৰত কৃত্ৰিমভাৱে পকোৱা ফল-মূলৰ বিৰুদ্ধে খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ অভিযান

কৃত্ৰিমভাৱে পকোৱা ৩ কুইণ্টল আম জব্দ

ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ এটা দলে আজি গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত কৃত্ৰিমভাৱে পকোৱা ফল-মূলৰ বিৰুদ্ধে অভিযান চলায়। জনসাধাৰণৰ স্বাস্থ্যৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে অভিযান চলাই এখন দোকানত কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে পকোৱা ৩ কুইণ্টল আম জব্দ কৰে।

ইয়াৰ পাছত এই জব্দ কৰা আমখিনি গুৱাহাটী পৌৰ নিগমৰ জাৱৰ নিষ্কাষণ কৰা স্থানত নষ্ট কৰি পেলোৱা হয়। দলটোৱে এই আমৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে এনেধৰণৰ কাৰ্যৰ বিৰুদ্ধে আৰু অধিক অভিযান চলোৱা হ’ব বুলি জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।