June 3, 2026 7:32 PM

views 22

ফাঁচীবজাৰত কৃত্ৰিমভাৱে পকোৱা ফল-মূলৰ বিৰুদ্ধে খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ অভিযান

কৃত্ৰিমভাৱে পকোৱা ৩ কুইণ্টল আম জব্দ ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ এটা দলে আজি গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত কৃত্ৰিমভাৱে পকোৱা ফল-মূলৰ বিৰুদ্ধে অভিযান চলায়। জনসাধাৰণৰ স্বাস্থ্যৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে অভিযান চলাই এখন দোকানত কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে পকোৱা ৩ কুইণ্টল আম জব্দ কৰে। [video width="1024" height="576" mp4="https://newsonair.gov.in/wp-content/uploads/2026/06/Fancy.mp4" autoplay="true" preload="auto"][/video] ইয়াৰ পাছত এই জব্দ কৰা আমখিনি গুৱাহাটী পৌৰ নিগমৰ জ...

April 9, 2025 1:07 AM

views 44

ফাঁচিবজাৰত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অভিযানত ৬৫০ খন মেচিনত বোৱা গামোচা জব্দ

বহাগ বিহুলৈ কেইটামান দিন বাকী থকা অৱস্থাত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে আজি ফাঁচিবজাৰত অভিযান চলাই ৬৫০ খন মেচিনত বোৱা গামোচা জব্দ কৰে। গুৱাহাটীৰ উপৰি ৰাজ্যৰ আন দুটা স্থানত চলোৱা অভিযানতো বহিঃৰাজ্যৰ পৰা অহা বৃহৎ পৰিমাণৰ গামোচা জব্দ কৰা বুলি জানিব পৰা গৈছে।

April 4, 2024 8:58 PM

views 55

ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মেচিনত বোৱা গামোচাৰ বিৰুদ্ধে ফাঁচী বজাৰত অভিযান

♦ ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে আজি মেচিনত বোৱা গামোচাৰ বিৰুদ্ধে মহানগৰীৰ ফাঁচী বজাৰত অভিযান চলায়। অভিযানকাৰী দলটোৱে কেইবাখনো দোকানৰ পৰা ৫৮ খন মেচিনত বোৱা গামোচা জব্দ কৰে। উল্লেখযোগ্য যে, অসমীয়াৰ গামোচাখনে ভৌগোলিক মান্যতা লাভ কৰাৰ পাছতো একাংশ অসাধু ব্যৱসায়ীয়ে ৰঙালী বিহুৰ সুযোগ লৈ মেচিনত বোৱা গামোচা বিক্ৰী কৰি আহিছে। বিভাগীয় এটা সূত্ৰই জনোৱা মতে গণেশগুৰি, ফাঁচী বজাৰ আদিত অভিযান চলাই এতিয়ালৈ মুঠ ৩৫০ খন মেচিনত বোৱা গামোচা জব্দ কৰে।