ৰাজ্যৰ ৰবি শস্যৰ খেতি কৰা কৃষকক ফচলৰ বীমা সময় অনুসৰি পঞ্জীয়ন কৰিবলৈ কৃষি বিভাগে আহ্বান জনাইছে। সেই অনুসৰি মাকৈ, সৰিয়হ আৰু আলুৰ বাবে অহা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষকসকলে পঞ্জীয়ন কৰিব পাৰিব। আনহাতে বৰো ধান আৰু কুঁহিয়াৰৰ খেতি কৰা কৃষকসকলে অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত বীমাৰ পঞ্জীয়ন কৰিব পাৰিব বুলি কৃষি বিভাগে জনাইছে। উল্লেখযোগ্য যে বান, খৰাং আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ লগতে বিভিন্ন ৰোগ বা পোক-পৰুৱাৰ আক্ৰমণৰ ফলত শস্যভূমিৰ ক্ষতি হ’লে ৰাজ্যৰ কৃষকসকলক কৃষি বিভাগে প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ক্ষতিপূৰ্ণ আগবঢ়াব। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ অধীনত ৰবি শস্যৰ খেতি কৰা কৃষকসকলে বীমাৰ জৰিয়তে ক্ষতিগ্ৰস্ত শস্যৰ উচিত ক্ষতিপূৰণ পাবলৈ সমৰ্থ হ’ব। এই বিষয়ে সবিশেষ জানিবলৈ কৃষকসকলে নিজ নিজ জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়, জনসেৱা কেন্দ্ৰ নাইবা সংশ্লিষ্ট বীমা সংস্থাৰ সৈতে যোগাযোগ কৰিব পাৰিব ।
Assamese | December 25, 2024 12:49 PM | PMFBY
ফচলৰ বীমা সময় অনুসৰি পঞ্জীয়ন কৰিবলৈ ৰাজ্যৰ ৰবি শস্যৰ খেতি কৰা কৃষকক কৃষি বিভাগৰ আহ্বান