December 25, 2024 12:49 PM

views 51

ফচলৰ বীমা সময় অনুসৰি পঞ্জীয়ন কৰিবলৈ ৰাজ্যৰ ৰবি শস্যৰ খেতি কৰা কৃষকক কৃষি বিভাগৰ আহ্বান

ৰাজ্যৰ ৰবি শস্যৰ খেতি কৰা কৃষকক ফচলৰ বীমা সময় অনুসৰি পঞ্জীয়ন কৰিবলৈ কৃষি বিভাগে আহ্বান জনাইছে। সেই অনুসৰি মাকৈ, সৰিয়হ আৰু আলুৰ বাবে অহা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষকসকলে পঞ্জীয়ন কৰিব পাৰিব। আনহাতে বৰো ধান আৰু কুঁহিয়াৰৰ খেতি কৰা কৃষকসকলে অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত বীমাৰ পঞ্জীয়ন কৰিব পাৰিব বুলি কৃষি বিভাগে জনাইছে। উল্লেখযোগ্য যে বান, খৰাং আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ লগতে বিভিন্ন ৰোগ বা পোক-পৰুৱাৰ আক্ৰমণৰ ফলত শস্যভূমিৰ ক্ষতি হ'লে ৰাজ্যৰ কৃষকসকলক কৃষি বিভাগে প্রধানম...