প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত ছেহগলে পদত্যাগ কৰিছে। তেওঁ যোৱা ২ ডিচেম্বৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়লৈ পদত্যাগ পত্ৰ পঠিয়াইছিল আৰু আজি মন্ত্ৰ্যালয়ে এই পদত্যাগ পত্ৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ১৯৮৮ চনৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া নৱনীত ছেহগলক ২০২৪ চনৰ মাৰ্চ মাহত প্ৰসাৰ ভাৰতীৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছিল। অৱশ্যে তেওঁ পদত্যাগ সম্পর্কে কোনো কাৰণ ব্যক্ত কৰা নাই৷
Assamese | December 4, 2025 6:19 PM | Akashvani | Akashvani News
প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত ছেহগলৰ পদত্যাগ