টাইমছ আলোচনীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে নিৰ্বাচিত কৰিছে। শ্রীবৈষ্ণৱৰ নাম তালিকাখনৰ শ্বেপাৰ শ্ৰেণীত অন্তর্ভুক্ত হৈছে। আলোচনীখনে শ্রীবৈষ্ণৱৰ নেতৃত্বত ভাৰতে অহা ৫ বছৰত অৰ্ধ পৰিবাহী নিৰ্মাণৰ ক্ষেত্ৰত শীর্ষ ৫ খন দেশৰ ভিতৰত অন্যতম দেশ হ’ব বুলি আশা প্রকাশ কৰিছে। আলোচনীখনে উল্লেখ কৰিছে যে, আধুনিক এ আই ব্যৱস্থাৰ বাবে জৰুৰী মূল উপাদানৰ নিৰ্মাণ ইতিমধ্যে কেইবাটাও কাৰখানাত আৰম্ভ হৈছে। আলোচনীখনে লগতে এই কথাতো আলোকপাত কৰে যে, ভাৰতীয় শিক্ষা ব্যৱস্থাই অত্যাধুনিক কৃত্রিম বুদ্ধিমত্তা আৰু অর্ধ- পৰিবাহী বিকাশৰ বাবে প্রয়োজনীয় বিশেষ কর্মশক্তি উৎপাদন কৰিবলৈ অগ্ৰসৰ হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে কয় যে, এই তালিকাত শ্রীবৈষ্ণৱৰ নাম অন্তর্ভুক্তিয়ে ভাৰতক কৃত্রিম বুদ্ধিমত্তাৰ দিশত এক উল্লেখযোগ্য শক্তি হিচাপে আত্ম প্ৰকাশ কৰাৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাক উজ্বলাই তুলিছে। এই তালিকাত গুগলৰ চি ই অ’ সুন্দৰ পিচাই, মাইক্ৰ’চফটৰ চি ই অ’ সত্য নাডেলা, অপেন এ আইৰ চি ই আই চেম অলটমেন, মেটাৰ চি ই অ’ মাৰ্ক জুকাৰবাৰ্গ আৰু ইনফ’ছিছৰ সহ প্ৰতিষ্ঠাপক নন্দন নীলেকানিকে ধৰি কেইগৰাকী বিশিষ্ট ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
Assamese | September 8, 2024 8:43 PM | Ashwini Vaishnaw | time magazine
প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক টাইমছ আলোচনীৰ নিৰ্বাচন