–প্ৰতিৰক্ষা খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতাই আঁচনি আৰু ঘোষণাৰ পৰ্যায় অতিক্ৰম কৰি কাৰ্যকৰিতা আৰু প্ৰভাৱৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত এইদৰে মত প্ৰকাশ কৰে। ৰাজধানী মহানগৰীখনত আয়োজিত ‘ৰক্ষা নৱচাৰ সংবাদ’ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিয়া ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে সাম্প্রতিক কালত যুদ্ধসমূহ মূলতঃ প্ৰযুক্তিৰ দ্বাৰা চালিত হোৱাৰ পৰিপ্ৰেক্ষিতত যুদ্ধৰ আধুনিকতা তথা ইয়াৰ সৈতে সামঞ্জস্য ৰাখি আগবাঢ়ি যোৱাৰ বিষয়টোত চৰকাৰে সম্পূৰ্ণ সচেতনতা অৱলম্বন কৰিছে। বিগত ১০ টা বছৰত আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচীৰ অধীনত থলুৱাভাৱে প্ৰতিৰক্ষা সঁজুলিৰ বিকাশ সাধন তথা নিৰ্মাণকাৰ্যক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰে ভালেমান আঁচনি গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে ।
Assamese | October 7, 2025 4:00 PM | Akashvani | India Defence Ministry | Rajnath Singh
প্ৰতিৰক্ষা খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতাৰ উল্লেখনীয় অগ্রগতি