কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালে আজি দ্বিতীয় পৰ্যায়ৰ প্রধামন্ত্ৰী আৱাস যোজনাৰ অধীনত অংগীকাৰ ২০২৫ অভিযান মুকলি কৰে। সমগ্ৰ দেশতে নগৰীয়া অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনা সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰা আৰু ইয়াৰ ৰূপায়ণ ক্ষীপ্ৰ কৰি তোলাৰ উদ্দেশ্যে এই অভিযান মুকলি কৰা হৈছে। এই অভিযানৰ অধীনত প্রধানমন্ত্ৰী আৱাস যোজনাৰ আবেদনকাৰীসকলৰ নথিপত্ৰৰ পৰীক্ষণ কম সময়ৰ ভিতৰতে সম্পন্ন কৰা হ’ব আৰু ইতিমধ্যে অনুমোদন পোৱা বাসগৃহসমূহৰ নিৰ্মাণ খৰতকীয়া কৰা হ’ব।
নগৰীয়া অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১ কোটি ১২ লাখ বাসগৃহৰ বাবে পুঁজিৰ অনুমোদন জনোৱা হৈছে। ইয়াৰে ৯৬ লাখৰো অধিক পকীগৃহৰ নিৰ্মাণ ইতিমধ্যে সম্পূর্ণ হৈছে। মন্ত্রালয়ে জানিবলৈ দিছে যে অংগীকাৰ অভিযানৰ অধীনত নিৰ্মাণ সম্পূর্ণ হ’বলৈ বাকী থকা বাসগৃহসমূহক সামৰি লোৱা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ সঠিকভাৱে জনসাধাৰণক অৱগত কৰা তথা প্ৰদান কৰাৰ বাবে এই আঁচনিয়ে নিশ্চয়তা প্ৰদান কৰিব।
Assamese | September 5, 2025 9:00 PM | Manohar Lal | PMAY | Pradhan Mantri Awas Yojana
প্রধামন্ত্ৰী আৱাস যোজনাৰ অধীনত অংগীকাৰ ২০২৫ অভিযান মুকলি কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালৰ