প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৬ বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে। ৫ৰ পৰা ১৮ বছৰ বয়সৰ শিশু আৰু কিশোৰ-কিশোৰীয়ে দেখুওৱা অসাধাৰণ কৃতিত্বক স্বীকৃতি স্বৰূপে এই বঁটা আগবঢ়োৱা হয়। আবেদনসমূহ দাখিল কৰাৰ অন্তিম দিন অহা ৩১ জুলাই। awards.gov.in অনলাইন প’ৰ্টেল যোগেও আবেদনসমূহ দাখিল কৰিব পাৰিব বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে।
এই বঁটাৰ বাবে উপযোগী হিচাপে বিবেচিত প্ৰাৰ্থীসকলৰ নাম যিকোনো ভাৰতীয় নাগৰিক, বিদ্যালয় নাইবা অনুষ্ঠান-প্ৰতিষ্ঠানে বাচনি কৰি দাখিল কৰিব পাৰিব। তদুপৰি শিশুসকলে নিজেও তেওঁলোকৰ নাম দাখিল কৰিব পৰিব।
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা ক্রীড়া, সমাজসেৱা, বিজ্ঞান আৰু প্ৰযুক্তি পৰিৱেশ তথা কলা আৰু সংস্কৃতিক বিষয়ত অসাধাৰণ কৃতিত্ব দেখুওৱা শিশুক প্ৰদান কৰা হয়। বিপজ্জনক পৰিস্থিতিত প্ৰদৰ্শন কৰা অসামান্য সাহসৰ বাবেও এই বঁটা আগবঢ়োৱা হয়।