■ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ, ২০২৫-ৰ বাবে মনোনয়নৰ আহ্বান কৰিছে। সাহসিকতা, ক্রীড়া, উদ্ভাৱন, সমাজসেৱা, কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ১৮ বছৰ অনুৰ্ধ শিশুসকলক এই পুৰস্কাৰৰ বাবে মনোনয়ন কৰিব পাৰিব। অসম ৰাজ্যিক শিশু সুৰক্ষা সমাজে সকলো বিদ্যালয়, বিভিন্ন প্রতিষ্ঠান, স্বেচ্ছাসেৱী সংগঠন, পিতৃ-মাতৃ, অভিভাৱক অথবা সাধাৰণ নাগৰিকসকলেও এনে শিশুৰ বাবে মনোনয়ন কৰিব পাৰিব। ইচ্ছুক লোকসকলে মন্ত্ৰালয়ৰ ৱেবছাইটৰ জৰিয়তে অহা ৩১ জুলাইৰ ভিতৰত মনোনয়ন জমা দিব পাৰিব।
Assamese | June 19, 2025 12:09 PM | Akashvani Guwahati | Akashvani News
প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ, ২০২৫-ৰ বাবে মনোনয়নৰ আহ্বান