প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে প্ৰতিটো নতুন মাতৃ গৰ্ভত জীৱনৰ আৰম্ভণি ঘটে আৰু এগৰাকী মাতৃৰ গৰ্ভাৱস্থাৰ প্ৰতিটো পৰ্যায়ত সুৰক্ষিত, সুস্থ আৰু সন্মানজনক পৰিচৰ্যাৰ অধিকাৰ আছে বুলি মন্তব্য কৰিছে।
মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে যোৱা দশকত নিয়মীয়া স্বাস্থ্য পৰীক্ষা, বিশেষজ্ঞৰ পৰামৰ্শ আৰু উন্নত মাতৃৰ স্বাস্থ্যসেৱাৰ জৰিয়তে এই উদ্যম গণ আন্দোলনলৈ পৰিগণিত হৈছে।
তেওঁ কয় যে এয়া কেৱল এখন আঁচনিয়েই নহয়, বৰং প্ৰতিগৰাকী মাতৃ আৰু গৰ্ভস্থ শিশুৰ বাবে সুস্থ ভৱিষ্যতৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীক। এই ভৱিষ্যদর্শী উদ্যমে বিগত ১০ বছৰত দেশৰ মাতৃত্বকালীন স্বাস্থ্য যাত্ৰাক গঢ় দিছে আৰু লাখ লাখ মাতৃৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তনৰ মাধ্যম হৈ পৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।