● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত এছিয়াৰ প্ৰধান দূৰসংযোগ আৰু প্ৰযুক্তি অনুষ্ঠান ইণ্ডিয়া মোবাইল সন্মিলন ২০২৫ উদ্বোধন কৰিব। চাৰিদিনীয়া এই অনুষ্ঠানটো নতুন দিল্লীৰ যশোভূমিত কাইলৈৰ পৰা অহা ১১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব। পৰিৱৰ্তনৰ বাবে উদ্ভাৱনক মূল বিষয়বস্তু হিচাপে লৈ এই সন্মিলনত দূৰসংযোগ আৰু ডিজিটেল প্ৰযুক্তি খণ্ডত স্বনিৰ্ভৰশীলতা গঢ়ি তোলাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপক আগুৱাই লৈ যোৱাৰ লক্ষ্য লোৱা হৈছে। সন্মিলনত 6G পৰিস্থিতি তন্ত্র, চাইবাৰ নিৰাপত্তা, উপগ্ৰহীয় যোগাযোগ, কৃত্রিম বুদ্ধিমত্তা, দূৰসংযোগ আদি দিশসমূহত আলোকপাত কৰা হ’ব। এই সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি কালি কেন্দ্ৰীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই দ্বাৰকাৰ যশোভূমিত আয়োজিত ভাৰত মোবাইল সন্মিলন ২০২৫ৰ স্থান পৰিদৰ্শন কৰে। যোগাযোগ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এই সন্মিলনত এক লাখ ৫০ হাজাৰ লোকৰ উপস্থিত থাকিব বুলি আশা কৰা হৈছে। তাৰোপৰি ৭ হাজাৰতকৈও অধিক বিশ্বৰ কেইবাখনো দেশৰ প্ৰতিনিধি আৰু ৪০০তকৈও অধিক প্রদর্শনীত ভাগ ল’বলগীয়া লোকে অংশগ্ৰহণ কৰিব।
Assamese | October 7, 2025 11:42 AM | Akashvani News | narendra modi | PMO India
প্রধানমন্ত্ৰী মোদীয়ে কাইলৈ ইণ্ডিয়া মোবাইল সন্মিলন ২০২৫ উদ্বোধন কৰিব