প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আশাৰ কিৰণ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় সংস্কৃতি মন্ত্রী গজেন্দ্র সিং শেখাৱটে প্রকাশ কৰিছে। মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে চেন্নাইত আজি সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত এখন নিৰাশাৰ ৰাষ্ট্ৰৰ পৰা উজ্বল ভৱিষ্যতলৈ ৰূপান্তৰিত হৈছে। তেওঁ কয়, যে যোৱা ১১ বছৰত দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰা হৈছে আৰু ভাৰতে সেৱা, সুশাসন আৰু জনসাধাৰণৰ কল্যাণৰ জৰিয়তে অমৃতকালত প্ৰৱেশ কৰাৰ দিশত উন্নয়নৰ নতুন যাত্ৰা আৰম্ভ কৰিছে।
Assamese | June 10, 2025 8:03 PM | Akashvani | Akashvani News | Gajendra Singh Sekhawat
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আশাৰ কিৰণ হিচাপে পৰিগণিত হৈছেঃ গজেন্দ্র সিং শেখাৱট