প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্রধানমন্ত্রী শ্রীমোদীয়ে কয় যে, বিগত ১০ বছৰত চৰকাৰে জনসাধাৰণৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। এই ধাৰা পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি তেওঁ মন্তব্য কৰে। জয়-পৰাজয় ৰাজনীতিৰ এটা অংশ বুলিও তেওঁ উল্লেখ কৰে। বিগত ১০ বছৰত কেন্দ্ৰীয় মন্ত্ৰীসকলে শ্রেষ্ঠখিনি উজাৰি কাম কৰাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, নীতিন গাডকাৰী, ৰাজনাথ সিং, সৰ্বানন্দ সোণোৱালকে ধৰি আন কেবিনেট মন্ত্রীও উপস্থিত থাকে। কালি ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফলত এন ডি এ জয়ী হোৱাৰ পাছতে আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে।
Assamese | June 5, 2024 6:23 PM | NDA Meeting
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অন্তিমখন বৈঠক