June 10, 2026 7:06 PM

views 17

প্রধানমন্ত্ৰীৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লীত এন ডি এৰ বৈঠক অনুষ্ঠিত

NDA চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এন ডি এৰ এখন বৈঠক অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্রী মোদীকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতা তথা NDA মিত্ৰজোঁটৰ নেতাসকলে এই বৈঠকত অংশ লৈছে। বৈঠকত NDA শাসিত ২২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আটাইবোৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলেও অংশ লৈছে। বৈঠকত অংশগ্ৰহণ কৰা নেতাসকলৰ ভিতৰত বিজেপিৰ...

June 7, 2024 10:56 AM

views 51

নতুন দিল্লীত আজি এন ডি এৰ সংসদীয় দলৰ বৈঠক

এন ডি এৰ সংসদীয় দলৰ বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। বৈঠকত বিজেপি, টি ডি পি, জে ডি ইউ, এল জে পি (আৰ), শিৱসেনা সিন্ধে গোট, জে ডি এছ আৰু এন ডি এ মিত্ৰজোঁটৰ অন্য সহযোগী দলৰ নৱনিৰ্বাচিত সাংসদসকলে অংশগ্রহণ কৰিব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত চৰকাৰ গঠনক লৈ ৰাজনৈতিক গতিবিধি বৃদ্ধি পাইছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক চৰকাৰ গঠনৰ বিষয় লৈ এন ডি এৰ সহযোগী দলসমূহৰ সৈতে আলোচনা কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে। শ্ৰীনাড্ডাই কালি নতুন দিল্লীত কেন্দ্রীয় মন্ত্ৰী আৰু দলৰ ...

June 5, 2024 6:23 PM

views 30

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অন্তিমখন বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্রধানমন্ত্রী শ্রীমোদীয়ে কয় যে, বিগত ১০ বছৰত চৰকাৰে জনসাধাৰণৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। এই ধাৰা পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি তেওঁ মন্তব্য কৰে। জয়-পৰাজয় ৰাজনীতিৰ এটা অংশ বুলিও তেওঁ উল্লেখ কৰে। বিগত ১০ বছৰত কেন্দ্ৰীয় মন্ত্ৰীসকলে শ্রেষ্ঠখিনি উজাৰি কাম কৰাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, নীতিন গাডকাৰী, ৰাজ...