June 10, 2026 7:06 PM | NDA Meeting

printer

প্রধানমন্ত্ৰীৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লীত এন ডি এৰ বৈঠক অনুষ্ঠিত

NDA চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এন ডি এৰ এখন বৈঠক অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্রী মোদীকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতা তথা NDA মিত্ৰজোঁটৰ নেতাসকলে এই বৈঠকত অংশ লৈছে। বৈঠকত NDA শাসিত ২২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আটাইবোৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলেও অংশ লৈছে। বৈঠকত অংশগ্ৰহণ কৰা নেতাসকলৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, টি ডি পিৰ মুৰববী চন্দ্ৰবাবু নাইডু, জে ডি ইউৰ নেতা সঞ্জয় ঝা, শিৱসেনাৰ মুৰববী একনাথ সিন্দে, এল জে পি আৰৰ নেতা চিৰাগ পাছোৱান, এন চি পিৰ নেতা সুনিত্ৰা পাৱাৰ, জে এছ পিৰ নেতা পৱন কল্যাণ, এইচ এ এমৰ নেতা জিতম ৰাম মাঝি, জে ডি এছৰ নেতা এইচ ডি কুমাৰাস্বামী আৰু আৰ এল ডিৰ নেতা জয়ন্ত চৌধুৰী অন্যতম। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কাৰ্যসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ দিশত মোদী চৰকাৰৰ দৰ্শনৰ পৰ্যালাচনা কৰা হৈছে।