অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৮৮ হাজাৰ ৩৫৮ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্র কেন্দ্রীয়ভাৱে প্ৰদান কৰে। অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়া, অসম চৰকাৰৰ মুখ্য সচিব ড° জে বি এক্কা, কামৰূপ জিলা আয়ুক্ত দেৱেন্দ্ৰ কুমাৰ মিশ্ৰৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিধানসভা সমষ্টি অনুসৰি গৃহ অনুমোদন পত্ৰ প্ৰদানৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কসকলে বিভিন্ন স্থানত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অৱশ্যে আদর্শ নির্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ বাবে বকো-ছয়গাঁও সমষ্টিত এই কার্যসূচী অনুষ্ঠিত নহয়।
Assamese | March 19, 2025 6:12 PM | CM Himanta Biswa Sarma | CMO Assam | PM modi PMAY | PMAYG
প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩,৮৮,৩৫৮ হিতাধিকাৰীক গৃহ অনুমোদন পত্র প্ৰদান মুখ্যমন্ত্ৰীৰ