বিশ্বৰ ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰবী পোপ ফ্ৰান্সিছৰ শেষকৃত্য সম্পন্ন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত উপস্থিত হৈছে। ৰোমৰ শান্তা মাৰিয়া মেইগিগোৰ বেচিলিকাত কালি ৰাষ্ট্ৰপতিগৰাকীয়ে পোপ ফ্রান্সিছক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীমতী মুৰ্মুৰ সৈতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, সংখ্যালঘু পৰিক্ৰমা ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ান, গোৱা বিধানসভাৰ উপাধ্যক্ষ যশোৱা দে’ চুজা উপস্থিত থাকে। বিভিন্ন ৰীতি নীতিৰে সম্পন্ন হোৱা প্ৰায় দুঘণ্টাযোৰা এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্রপ্রধানসহ আঢ়ৈ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা ২১ এপ্ৰিলত পোপ ফ্ৰান্সিছৰ দেহাৱসান ঘটিছিল। পোপ ফ্ৰান্সিছৰ প্রতি সন্মান জনাই ভাৰতে ৩ দিনীয়া ৰাষ্ট্ৰশোক পালন কৰিছিল।
Assamese | April 27, 2025 8:42 PM | President Droupadi Murmu arrive Delhi
পোপ ফ্ৰান্সিছৰ শেষকৃত্য সম্পন্ন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু নতুন দিল্লীত উপস্থিত