বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে আজি জাপানক ৩-২ গ’লত পৰাস্ত কৰে। হৰমনপ্রীত সিঙে দুটা গ’ল কৰাৰ বিপৰীতে মনদীপ সিঙে এটা গ’ল দিয়ে। জাপানৰ হৈ কোচেই কাৱাবে দুটা গ’ল কৰে । ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত চীনে কাজাখাস্তানক ১৩–১ গ’লত পৰাস্ত কৰে। এই প্ৰতিযোগিতাত বিজয়ী দলটোৱে ২০২৬ চনত হ’বলগা পুৰুষৰ হকী বিশ্বকাপৰ বাবে স্থান নিশ্চিত কৰিব।
নিৰাপত্তাজনিত কাৰণত পাকিস্তানে আৰু বিত্তীয় অসুবিধাৰ বাবে অমানে প্রতিযোগিতাৰ পৰা নাম বাতিল কৰাত তেওঁলোকৰ স্থানত বাংলাদেশ আৰু কাজাখাস্তানক অন্তৰ্ভুক্ত কৰা হয়।
Assamese | August 31, 2025 9:53 PM | Akashvani News | Asia Cup Hockey | SPORTS
পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ জাপানক ৩-২ গ’লত পৰাস্ত