নগাওঁ জিলাৰ পুৰণিগুদামৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী আৰু শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান আজি আৰম্ভ হৈছে। এই উপলক্ষে আজি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ফনীন্দ্ৰ নাথ গায়ন আৰু বিশিষ্ট শিক্ষাবিদ তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বিপুল চন্দ্ৰ মজুমদাৰে শতবৰ্ষৰ আৰম্ভণিৰ দুখন মূল পতাকাৰ লগতে ৯৫ খন পতাকা উত্তোলন কৰে। সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা আজিৰ অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি তৰ্পন আৰু গুৰু পূজনৰ লগতে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।
Assamese | January 11, 2025 8:26 PM | Akashvani | Akashvani News
পুৰণিগুদামৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী আৰু শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ আৰম্ভ