আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কালি পিএমশ্রী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে। আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান শাখাৰ মুৰব্বীৰ দায়িত্বত থকা কাৰ্তিক সূত্ৰধৰ, প্ৰচাৰণ কাৰ্যবাহী ইন্দ্ৰজিত দাস, লেখক, কেৰিয়াৰ পৰামৰ্শদাতা শৈলেন বৈশ্য আৰু অসম গৌৰৱ সন্মানেৰে বিভূষিত নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্তই বকুল, নাহৰ আৰু নিমগছৰ পুলি ৰোপণ কৰে। আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান শাখাৰ মুৰব্বীৰ দায়িত্বত থকা কাৰ্তিক সূত্ৰধৰে যুৱ চামক ৰেডিঅ’ৰ অনুষ্ঠানসমূহ শুনাৰ লগতে এই অনুষ্ঠানসমূহত তেওঁলোকক ভাগ ল’বলৈ আহ্বান জনায়। অনুষ্ঠানত পৰিৱেশ সম্পৰ্কীয় কুইজ প্রতিযোগিতাত বিজয়ী প্রতিযোগীসকলক ৰেডিঅ’ চেট, ট্ৰফী আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয়।
Assamese | June 6, 2025 8:50 PM | Akashvani Guwahati | Akashvani News
পিএমশ্রী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠান অনুষ্ঠিত