পার্বত্য ৰাজ্য ছিকিমত চলিত শীতকালত অভিলেখসংখ্যক পৰ্যটকৰ আগমন হৈছে। উত্তৰ ছিকিমৰ লাচুঙৰ সকলো হোটেলৰ বুকিং ইতিমধ্যে সম্পূৰ্ণ হৈছে। পূৱ ছিকিমৰ নাথুলা আৰু জুলুকত ২২ ডিচেম্বৰৰ পৰা অগণন পৰ্যটকৰ সমাগম হৈছে। বিগত বছৰতো ৰাজ্যখনত মটৰ চাইকেল এডভেঞ্চাৰ পৰ্যটন বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ গেংটক আৰু পেলিঙত হোটেলসমূহৰ কোঠাৰ ভাড়া বৃদ্ধি হোৱা দেখা গৈছে।
Assamese | December 27, 2025 7:50 PM | Akashvani | Akashvani News | Sikkim
পার্বত্য ৰাজ্য ছিকিমত চলিত শীতকালত অভিলেখসংখ্যক পৰ্যটকৰ আগমন