কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে পাঞ্জাৱৰ শেহতীয়া বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিশদ প্রতিবেদন প্রধানমন্ত্ৰীক শীঘ্ৰেই দাখিল কৰিব। বাৰ্তাটোত তেওঁ লগতে কয় যে ৰাজ্যখনৰ এই সংকট নিৰাময়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে কালি পাঞ্জাৱৰ বান প্রভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলসমূহ পুনৰনিৰ্মাণৰ বাবে হ্রস্ব, মধ্যমীয়া আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি মন্তব্য কৰে।
Assamese | September 5, 2025 9:09 PM | Akashvani | Akashvani News | Punjab | Punjab Flood | Shivraj Chouhan
পাঞ্জাৱৰ শেহতীয়া বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ গভীৰ উদ্বেগ প্রকাশ