পাঞ্জাৱৰ ফিৰোজপুৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫জন লোক গুৰুতৰভাৱে আহত হয়। আমালৈ অহা বাতৰি অনুসৰি এখন ট্রাক আৰু কেণ্টাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ট্রাকখনত যাত্ৰা কৰা বহুকেইজন লোকৰ থিতাতে মৃত্যু হয়। আহতসকলক ফিৰোজপুৰ আৰু ফদিকোটৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Assamese | January 31, 2025 3:29 PM | Akashvani | Akashvani News | Punjab
পাঞ্জাৱৰ ফিৰোজপুৰত সংঘটিত পথ দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যুৰ লগতে ১৫জন লোক গুৰুতৰভাৱে আহত