২০১০-১১ বৰ্ষত পর্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি গুৱাহাটীৰ পল্টনবজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত অভিযান চলায়। তদাৰকি কোষে নিযুক্তি কেলেংকাৰীৰ তথ্য বিচাৰি পুৰণি ফাইলৰ সন্ধান কৰাৰ লগতে সংশ্লিষ্ট বিষয়াক সোধাপোছা কৰে। উল্লেখযোগ্য যে, ২০১০-১১ চনত কংগ্ৰেছ চৰকাৰৰ আমোলত কেইবাগৰাকীও প্ৰাৰ্থীক অবৈধভাৱে নিযুক্তি দিয়া বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে তৎপৰতাৰে তদন্ত আৰম্ভ কৰে।তদাৰকি কোষে এই সময়ছোৱাত নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলকো তদন্তৰ আওতালৈ অনাৰ সম্ভাৱনা আছে।
Assamese | February 7, 2025 8:39 PM | Akashvani | Akashvani News
পল্টনবজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান