নৱপ্ৰজন্মৰ মাজত কিতাপ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ উদ্দেশ্যে বিটিআৰ প্ৰশাসনৰ পুথিভঁড়াল সেৱা বিভাগৰ উদ্যোগত বড়োলেণ্ড পঠন সপ্তাহৰ আয়োজন কৰা হৈছে। বিটিআৰৰ ৰাজহুৱা পুথিভঁড়াল আৰু শিক্ষানুষ্ঠানসমূহত যোৱা ১০ চেপ্তেম্বৰৰ পৰা অহা ১৭ চেপ্তেম্বৰলৈ এই পঠন সপ্তাহ পালন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশস্বৰূপে আজি তামুলপুৰ মহকুমা গ্ৰন্থাগাৰতো পঠন সপ্তাহৰ কাৰ্যসূচী উদ্যাপিত হয়। এই উপলক্ষে মহকুমা গ্রন্থাগাৰিকৰ সঞ্চালনাত এখন সজাগতামূলক আৰু মত বিনিময় সভা অনুষ্ঠিত হয়। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ সমান্তৰালভাৱে বিশিষ্ট লেখকসকলৰ বিভিন্ন প্ৰৱন্ধ, গল্প, উপন্যাস, সাংস্কৃতিক, ৰাজনৈতিক আদি ভিন ভিন বিষয়ত লিখা গ্রন্থসমূহো অধ্যয়ন কৰিবলৈ আহ্বান জনায়।
Assamese | September 13, 2024 8:43 PM | Akashvani | Local news
নৱপ্ৰজন্মৰ মাজত কিতাপ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ উদ্দেশ্যে বড়োলেণ্ড পঠন সপ্তাহৰ আয়োজন