● ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাতে কর্ম সংস্থাপনৰ সুবিধা গ্ৰহণৰ বাবে অসমৰ নতুন প্ৰজন্মৰ মাজত আগ্রহ আৰু সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত নৌ-বাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে কালি এই কথা প্ৰকাশ কৰে। শ্ৰীচৌধুৰীয়ে কয়, যে নৌ সেনা বাহিনীত নিয়োগৰ ক্ষেত্ৰত অপৰিসীম সা-সুবিধা আছে যদিও অসমত ইয়াৰ নিযুক্তি কেন্দ্ৰ নথকা হেতুকে আৰু এই সম্পৰ্কত আগ্ৰহ আৰু সচেতনতাৰ অভাৱ হোৱা বাবে একেবাৰে কম সংখ্যক লোকহে বাহিনীটোত নিযুক্ত হয়। নৌ বাহিনীত ১২টা ক্ষেত্ৰৰে সংযুক্ত হব পাৰি আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ উপৰি কৰ্মচাৰী শ্বয়ন আয়োগ, ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী, অভিযান্ত্রিক পাঠ্যক্রম, চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আদিব পৰাও বাহিনীটোৰ উচ্চ পদত অধিস্থিত হোৱাৰ বাবে চেষ্টা চলাব পাৰি বুলি তেওঁ কয় । শ্রীগোস্বামীয়ে অনুষ্ঠানটোত কয় যে বিত্তীয় অসুবিধা, আগ্ৰহৰ অভাৱ, আৰু জীৱনত প্ৰত্যাহ্বান গ্ৰহণৰ মানসিকতা কম হোৱাৰ লগতে সহজে সফলতা লাভ কৰাৰ প্ৰতি ইচ্ছুক হোৱাৰ বাবে ৰাজ্যখনৰ নতুন প্ৰজন্মৰ অধিকাংশই সুৰক্ষা বাহিনীৰ চাকৰীৰ প্ৰতি আগ্ৰহী নহয়।
Assamese | June 1, 2025 11:45 AM | Akashvani | Akashvani Guwahati | Dristipat
নৌ সেনা বাহিনীত নিয়োগৰ ক্ষেত্ৰত অপৰিসীম সা-সুবিধা আছে