নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ১৫ দিনীয়া জল উৎসৱ আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ডিচেম্বৰত অনুষ্ঠিত মুখ্য সচিবসকলক তৃতীয় সন্মিলনত নদী উৎসৱৰ লেখিয়াকৈ জল উৎসৱ উদযাপনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি এই অভিযানৰ আয়োজন কৰা হৈছে। নীতি আয়োগে এটা বিবৃতিযোগে কৈছে যে, দেশৰ ২০ খন অভিলাসী জিলা আৰু বিভিন্ন উন্নয়ন খণ্ডত জল উৎসৱ অভিযান ৰূপায়ণ হৈ আছে। ৰাষ্ট্ৰীয় জল জীৱন মিছন, খোৱাপানী আৰু অনাময় বিভাগ আৰু জলশক্তি মন্ত্ৰালয়ৰ সহযোগিতাত এই অভিযানৰ আয়োজন কৰা হৈছে। এই অভিয়ানৰ জৰিয়তে জল সংৰক্ষণ আৰু জল সম্পদৰ সুৰক্ষাৰ ক্ষেত্ৰত সমূহীয়া অংশগ্রহণ সুনিশ্চিত কৰিব বিচৰা হৈছে।
Assamese | November 6, 2024 12:53 PM | India Govt. | NITI Aayog
নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ১৫ দিনীয়া জল উৎসৱ আৰম্ভ কৰিব