গুৱাহাটী উচ্চ ন্যায়ালয়ে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ নিৰ্দেশৰ পৰিৱৰ্তন ঘটাই যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ জাৰি কৰিছে।
মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে হত্যাকাৰী শৰ্মাক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত নিম্ন আদালতে বিহা শাস্তি বাহাল ৰাখি যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে, ৰিন্টু শৰ্মাই ২০২১ চনৰ ২১ আগষ্টত মঢিল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক নৃশংসভাৱে হত্যা কৰিছিল।
পৰৱৰ্তী পৰ্যায়ত এই হত্যাৰ গোচৰত ধেমাজিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শৰ্মাক মৃত্যুদণ্ডেৰে দণ্ডিত কৰি ৰায় প্ৰদান কৰে। ধেমাজিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ নিৰ্দেশক প্রত্যাহ্বান জনাই ৰিন্টু শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ফৌজদাৰী আপিল আৱেদন দাখিল কৰে।
এই আৱেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে দুই পক্ষৰ অধিবক্তাৰ যুক্তি গ্ৰহণ কৰি ধেমাজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৰিন্টু শৰ্মাক বিহা মৃত্যুদণ্ডৰ নিৰ্দেশ যাৱজ্জীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰি আজি ৰায় প্ৰদান কৰে।