কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলৰ বাবে উন্নত পাৰিতোষিক, সুৰক্ষা আৰু সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ২০২৫ চনৰ ২১ নৱেম্বৰৰ পৰা নতুন শ্রমবিধি ৰূপায়ণ কৰিছে।
এই বিধিৰ জৰিয়তে প্ৰতিগৰাকী শ্ৰমিকৰ বাবে ন্যূনতম মজুৰিক আইনী অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে আৰু প্ৰথমবাৰৰ বাবে নির্দিষ্ট কাম বা প্রকল্প সম্পন্ন কৰি অথবা পৰম্পৰাগত পূর্ণকালীন নিয়োগকর্তা-কর্মচাৰীৰ সম্পৰ্কৰ পৰিধিৰ বাহিৰত সেৱা আগবঢ়োৱা শ্রমিকসকলক সামাজিক সুৰক্ষাৰ আওতালৈ অনা হৈছে।
শ্রম আৰু নিয়োগ মন্ত্র্যালয়ে প্রকাশ কৰা মতে নতুনকৈ প্ৰৱৰ্তন কৰা এই শ্রম বিধিয়ে সকলো শ্রমিকৰ বাবে সময়মতে ন্যূনতম মজুৰি যুৱক যুৱতীসকলৰ বাবে নিযুক্তি পত্র, মহিলাৰ বাবে সমান মজুৰি আৰু মর্যাদা, ৪০ কোটি শ্ৰমিকৰ বাবে সামাজিক সুৰক্ষা আৰু এবছৰীয়া চাকৰিৰ পাছতে গ্ৰেছুইটী লাভ কৰাটো নিশ্চিত কৰিছে।
ইয়াৰ উপৰি এই সংস্কাৰসমূহে ৪০ বছৰ ঊৰ্ধৰ শ্ৰমিকৰ বাবে বছৰি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, অ’ভাৰ টাইমৰ বাবে দুগুণ মজুৰি, বিপদসংকুল খণ্ডত কাম কৰা শ্ৰমিকসকলৰ বাবে সম্পূর্ণ স্বাস্থ্য সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি শ্ৰমিকসকলৰ বাবে সামাজিক ন্যায়ৰ নিশ্চয়তা প্রদান কৰিছে।