October 11, 2026 12:23 PM

views 6

নতুন শ্রমবিধি ৰূপায়ণৰ জৰিয়তে প্ৰতিগৰাকী শ্ৰমিকৰ বাবে ন্যূনতম মজুৰিক আইনী অধিকাৰ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি

কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলৰ বাবে উন্নত পাৰিতোষিক, সুৰক্ষা আৰু সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ২০২৫ চনৰ ২১ নৱেম্বৰৰ পৰা নতুন শ্রমবিধি ৰূপায়ণ কৰিছে। এই বিধিৰ জৰিয়তে প্ৰতিগৰাকী শ্ৰমিকৰ বাবে ন্যূনতম মজুৰিক আইনী অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে আৰু প্ৰথমবাৰৰ বাবে নির্দিষ্ট কাম বা প্রকল্প সম্পন্ন কৰি অথবা পৰম্পৰাগত পূর্ণকালীন নিয়োগকর্তা-কর্মচাৰীৰ সম্পৰ্কৰ পৰিধিৰ বাহিৰত সেৱা আগবঢ়োৱা  শ্রমিকসকলক সামাজিক সুৰক্ষাৰ আওতালৈ অনা হৈছে। শ্রম আৰু নিয়োগ মন্ত্র্যালয়ে প্রকাশ কৰা মতে নতুনকৈ প্ৰৱৰ্তন কৰা ...

October 5, 2025 6:54 PM

views 48

দেশত শেহতীয়া ছবছৰৰ অধিক কালত প্ৰায় ১৭ কোটি কর্মসংস্থাপনৰ সৃষ্টি কৰা হৈছে

দেশত শেহতীয়া ছবছৰৰ অধিক কালত প্ৰায় ১৭ কোটি কর্মসংস্থাপনৰ সৃষ্টি কৰা হৈছে। কেন্দ্ৰীয় শ্রম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত নিযুক্তিৰ সংখ্যা ২০১৭-১৮ বৰ্ষৰ ৪৭ কোটি ৫০ লাখৰ পৰা ২০২৩-২৪ বৰ্ষত ৬৪ কোটি ৩৩ লাখলৈ বৃদ্ধি পাইছে। এই তথ্য অনুসৰি ছবছৰৰ অধিক কালত এই সংখ্যা ১৬ কোটি ৮৩ লাখ বৃদ্ধি পাইছে। একেদৰে নিবনুৱাৰ হাৰো ২০১৭-১৮ বৰ্ষৰ ৬ শতাংশৰ পৰা ২০২৩-২৪ বৰ্ষত ৩.২ শতাংশলৈ হ্ৰাস পায়। দেশৰ কর্মশক্তিত মহিলাৰ অংশগ্রহণ বিশেষভাৱে বৃদ্ধি পোৱা বুলি উল্লেখ কৰি মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰা মতে, বিগত ৭ বছ...

June 14, 2024 8:26 PM

views 63

কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ সংস্কাৰ সম্পৰ্কীয় পর্যালোচনা বৈঠকত শ্রম সচিব সুমিত্ৰা দাওৰাৰ অধ্যক্ষতা

শ্রম সচিব সুমিত্ৰা দাওৰাই আজি কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ সংস্কাৰ সম্পৰ্কীয় এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে পর্যালোচনা বৈঠকত সামাজিক নিৰাপত্তাৰ সম্প্ৰসাৰণ আৰু জীৱন ধাৰণ তথা ব্যৱসায় সূচল কৰি তোলাৰ বাবে নতুন উদ্যমৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰা হয় । মন্ত্ৰালয়ে দ্রুত দাবী নিষ্পত্তিৰ বাবে কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই ৰোগ, শিক্ষা, বিবাহ আৰু গৃহ নিৰ্মাণৰ বাবে ১ লাখ টকা পর্যন্ত অগ্রিম ধনৰাশিৰ স্বয়ংক্রিয় নিষ্পত্তি ব্যৱস্থা কাৰ্যকৰী কৰিছে। এ...