নতুন দিল্লীত কাইলৈ কেন্দ্ৰীয় বিদ্যালয়সমূহৰ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতা ২০২৫-২৬ৰ বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন

নতুন দিল্লীত কাইলৈ কেন্দ্ৰীয় বিদ্যালয়সমূহৰ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতা ২০২৫-২৬ৰ বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অধ্যক্ষতা কৰিবলগীয়া এই অনুষ্ঠানত বিজয়ী শিক্ষাৰ্থী আৰু বিদ্যালয়সমূহক বঁটা প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে বিগত ৩৮ বছৰ ধৰি কেন্দ্ৰীয় বিদ্যালয়সমূহৰ বাবে যুৱ সংসদ প্রতিযোগিতাৰ আয়োজন কৰি আহিছে।

ৰাষ্ট্ৰীয় যুৱ সংসদ প্রতিযোগিতা আঁচনিৰ অধীনত সমগ্ৰ দেশৰ ২৫ টাৰো অধিক অঞ্চলৰ ২০০ খন বিদ্যালয়ৰ মাজত ২০২৫-২৬ বৰ্ষত এই শৃংখলাৰ ৩৬ সংখ্যক প্রতিযোগিতাৰ আয়োজন কৰা হয়৷