ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি সমষ্টিৰ বৰুৱা ব্লক চাৰিআলিৰ পৰা সুবাহী চাৰিআলি সংযোগী ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন পকী দলঙৰ আজি আধাৰশিলা স্থাপন কৰে। বিশ্ববেংকৰ পুঁজিৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অধীনত অনুমোদিত ৪ কোটি ৪৬ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলৈ লোৱা পকী দলংখনে যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ লোকৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰিব বুলি আশা কৰা হৈছে।
Assamese | March 23, 2025 7:17 PM | Dhemaji | Dr. Ranoj Pegu
ধেমাজি সমষ্টিৰ বৰুৱা ব্লক চাৰিআলিৰ পৰা সুবাহী চাৰিআলি সংযোগী ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী দলঙৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আধাৰশিলা স্থাপন