যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে ৰাষ্ট্ৰীয় যুৱ মঞ্চ মাই ভাৰতৰ জৰিয়তে কালি দেশৰ ১৫০টাৰো অধিক স্থানত নিচামুক্ত পদযাত্ৰাৰ আয়োজন কৰে। এই পদযাত্ৰাত এক লাখৰো অধিক যুৱক-যুবতী আৰু আন নাগৰিকে অংশগ্ৰহণ কৰে। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ অভিযানৰ অংশ হিচাপে আয়োজন কৰা এই পদযাত্ৰাৰ জৰিয়তে মাদক দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ে সজাগতাৰ সৃষ্টি তথা সুস্থ আৰু নিচামুক্ত জীৱন শৈলীৰ প্ৰসাৰৰ প্ৰয়াস কৰা হয়। পদযাত্ৰাত অংশগ্রহণকাৰীসকলে ৩ৰ পৰা ৫ কিলোমিটাৰ খোজকাটা, বাটৰ নাট, শ্ল’গান লিখা আৰু ঐতিহ্য যাত্ৰাৰ দৰে বিভিন্ন সজাগতামূলক কার্যসূচীত ভাগ লয়। বিভিন্ন ঠাইত নিচামুক্ত যুৱৰ শপতবাক্যও পাঠ কৰোৱা হয়।
Assamese | October 5, 2026 11:22 AM | Nachamukt Padayatra
দেশৰ ১৫০টাৰো অধিক স্থানত নিচামুক্ত পদযাত্ৰাৰ আয়োজন