কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে তেওঁলোকৰ ৰাজ্যত থকা পাকিস্তানী নাগৰিকসকলক চিনাক্ত কৰি সেইসকলক ততালিকে পাকিস্তানলৈ বিতাড়ন কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে পেহলেগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কালি ভাৰতে ছাৰ্ক ভিছাৰ অধীনত সম্প্রতি ইয়াত থকা পাকিস্তানী নাগৰিকসকলৰ ভিছা বাতিল কৰে। ইপিনে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি তেওঁৰ নতুন দিল্লীৰ বাসগৃহত আমাৰ দেশৰ পাকিস্তানৰ সৈতে থকা ১৯৬০ চনৰ সিন্ধু জল চুক্তিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। উল্লেখযোগ্য যে পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰতে ততালিকে প্রযোজ্য হোৱাকৈ সিন্ধু জল চুক্তি বাতিল কৰিছে। আজিৰ বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী চি আৰ পাৰ্টিলৰ সৈতে কেইবাগৰাকীও জ্যেষ্ঠ চৰকাৰী বিষয়ববীয়া উপস্থিত থাকে।
Assamese | April 25, 2025 9:17 PM | Akashvani News | Jammu and Kashmir | pahalgam | Pahalgam Protest
দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে পাকিস্তানী নাগৰিকসকলক চিনাক্ত কৰি ততালিকে পাকিস্তানলৈ বিতাড়ন কৰাটো সুনিশ্চিত কৰিবলৈ গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশ