কাইলৈ সমগ্ৰ বিশ্বতে আন্তর্জাতিক ব্যাঘ্ৰ দিৱস উদযাপন কৰা হব। এই সন্দৰ্ভত আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, বাঘ ভাৰতীয় সংস্কৃতিৰ অপৰিহাৰ্য্য অংশ হিচাপে বিবেচিত হৈ আহিছে আৰু অৰণ্যৰে পৰিবেষ্টিত গাওঁসমূহত বাস কৰা লোকসকলে বাঘৰ সৈতে কিদৰে সমন্বয়ৰে বাস কৰিব পাৰি সেয়া ভালদৰে জানে। তেওঁ দেশৰ ভিন্ন প্ৰান্তত বাঘ আৰু মানুহৰ মাজত বাঢ়ি অহা সংঘাতত উদ্বিগ্নতা প্রকাশ কৰে। বাঘ আৰু মানুহৰ মাজত সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত ৰাজস্থানৰ কুলহাৰী বেণ্ড পঞ্চায়তে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ কথা উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে স্থানীয় লোকসকলে বাঘ অধ্যুষিত অৰণ্যৰ গছ নকটাৰ বাবে শপত গ্ৰহণ কৰিছে। প্রধানমন্ত্ৰীয়ে বাঘ সংৰক্ষণত ৰাজহুৱা অংশগ্ৰহণৰ ভূমিকাত আনন্দ প্ৰকাশ কৰে। তেওঁ গৌৰৱেৰে উল্লেখ কৰে যে, ভাৰতত বিশ্বৰ ৭০ শতাংশ বাঘে বাস কৰে। প্রধানমন্ত্ৰীয়ে দেশৰ বনাঞ্চলৰ বৃদ্ধিতো সন্তোষ প্ৰকাশ কৰে। এক পেৰ মা কে নাম অভিযানৰ অংশ হিচাপে বহুসংখ্যক লোকে গছ পুলি ৰোপণ কৰা কাৰ্যত তেওঁ আনন্দ প্ৰকাশ কৰে। এই অভিযানৰ অধীনত ইন্দোৰত এদিনতে ২ লাখৰো অধিক গছপুলি ৰোপণ কৰা হয় বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।
Assamese | July 28, 2024 6:54 PM | International Tiger Day | Maan ki Baat
দেশৰ ভিন্ন প্ৰান্তত বাঘ আৰু মানুহৰ মাজত বৰ্ধিত সংঘাতত প্ৰধানমন্ত্ৰীৰ উদ্বিগ্নতা প্রকাশ