প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ উন্নয়ন, সমৃদ্ধি, বহনক্ষমতা আৰু ৰাষ্ট্ৰীয় শক্তি বৃদ্ধিৰ বাবে সাগৰীয় অৰ্থনীতিৰ মূল আধাৰ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ এটা প্ৰৱন্ধৰ প্রসঙ্গ উল্লেখ কৰি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সাগৰমালা, গভীৰ মহাসাগৰীয় অভিযানৰ দৰে পদক্ষেপসমূহে বিভিন্ন সম্প্রদায়ক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই পদক্ষেপে বিশ্ব সাগৰীয় ক্ষেত্ৰখনত ভাৰতৰ নেতত্ব অধিক শক্তিশালী কৰি তুলিছে বুলিও প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে।
Assamese | September 19, 2025 8:46 PM | narendra modi | Narendra Modi X | PMO
দেশৰ উন্নয়ন, সমৃদ্ধি, বহনক্ষমতা আৰু ৰাষ্ট্ৰীয় শক্তি বৃদ্ধিৰ বাবে সাগৰীয় অৰ্থনীতিৰ মূল আধাৰ হিচাপে পৰিগণিতঃ প্রধানমন্ত্ৰী