কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ পশ্চিমবংগৰ পেট্’প’ল স্থল বন্দৰত যাত্ৰীসকলৰ বাবে টার্মিনেল বিল্ডিং আৰু মৈত্ৰী দ্বাৰ উদ্বোধন কৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দক্ষিণ এছিয়াৰ স্থল বন্দৰ কৰ্তৃপক্ষক সকলো দেশৰ সৈতে সাংস্কৃতিক আৰু বাণিজ্যিক সম্পৰ্ক আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন গতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে পেট্র’প’ল বন্দৰটো হৈছে দক্ষিণ এছিয়াৰ আটাইতকৈ বৃহৎ স্থল বন্দৰ। ই ভাৰত আৰু বাংলাদেশৰ মাজৰ বেপাৰ বাণিজ্যৰ মুখ্য প্ৰৱেশদ্বাৰ হিচাপে পৰিগণিত হৈছে। ভাৰত আৰু বাংলাদেশৰ প্ৰায় ৭০ শতাংশ স্থলভিত্তিক বাণিজ্য এই স্থল বন্দৰৰ জৰিয়তে কৰা হয়। উল্লেখযোগ্য যে পেট্’প’ল স্থল বন্দৰ ভাৰতৰ অষ্টম বৃহৎ আন্তঃৰাষ্ট্ৰীয় অনুপ্ৰৱেশ বন্দৰ হোৱাৰ লগতে এই বন্দৰটোৱে ভাৰত আৰু বাংলাদেশৰ মাজত বছৰি প্ৰায় ২৩ লাখৰো অধিক যাত্ৰীক চলাচলৰ সুবিধা প্ৰদান কৰিছে।
Assamese | October 26, 2024 9:21 PM | Amit sah | HM India | West Bengal
দেওবাৰে গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগৰ পেট্’প’ল স্থল বন্দৰত যাত্ৰীসকলৰ বাবে টার্মিনেল বিল্ডিং আৰু মৈত্ৰী দ্বাৰ উদ্বোধন কৰিব