■ অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ দ্বিতীয় পূৰ্ণাংগ কার্যনির্বাহক অধিবেশনখন কাইলৈ চিৰাঙৰ ঢালিগাঁৱত অনুষ্ঠিত হ’ব। বঙাইগাঁও শোধনাগাৰৰ চৌহদত হ’বলগীয়া এই অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতি, প্রধান সম্পাদক আৰু বিষয়ববীয়া সকলৰ লগতে অসমৰ প্ৰতিখন জিলাৰ পৰা কেন্দ্ৰীয় কার্যনির্বাহক সদস্য-সদস্যাসকলে অংশগ্রহণ কৰিব। অসম সাহিত্য সভাৰ স্মৃতি গ্রন্থ চিৰাং জ্যোতিৰ লগতে ভালেকইখন গ্ৰন্থ উন্মোচন কৰা হ’ব।
Assamese | July 5, 2025 12:39 PM | Akashvani | Asom Sahitya Sabha | Local news
দেওবাৰে অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ দ্বিতীয় পূৰ্ণাংগ কার্যনির্বাহক ঢালিগাঁৱত অনুষ্ঠিত হ’ব