প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত উপস্থিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ’ব যোৱা ৪৩ বছৰত কুৱেইট ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্রী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই ভ্ৰমণকালত প্রধানমন্ত্ৰীয়ে কুৱেইটৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। শ্রীমোদীৰ এই ভ্রমণে দুয়োদেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পর্ক অধিক সূদৃঢ় কৰাৰ লগতে দেশ দুখনৰ জনসাধাৰণৰ মাজৰ মৈত্রীপূর্ণ সম্পর্কও অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
Assamese | December 19, 2024 5:20 PM | narendra modi | PMO Modi
দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে কুৱেইটত উপস্থিত হ’ব